Type Here to Get Search Results !

পাহাৰে যেতিয়া কান্দে



 সবিতা বৰুৱা ফুকন 

ৰৈ গ'ল,স্তদ্ধ হৈ গ'ল,
ৰজা ঘৰ,প্ৰজাঘৰৰ বুকুৰ স্পন্দন 
আজি স্ৰোত স্বিনী নদীৰ বানত 
ক্ষন্তেকতে উটি গ'ল শতজন,
ভাঁহি আহিল এখন দলিল।

য'ত মগজুৱে পৰিস্থিতি বুজ লৈ
সিদ্ধান্ত লোৱাৰ আগতেই 
প্ৰকৃতিয়ে নিজৰ সিদ্ধান্ত
শুনাই দিছিল...
জন জীৱনৰ আধৰুৱা সাধু  !

দেখিলে,শুনিলে মানৱৰূপী দানৱেও 
দিখৌ বিধ্বংসী বানে কেনেকৈ
নিমিষতে চহৰ,নগৰ সকলো 
আত্মসাৎ কৰি এৰি 
থৈ গুচি গ'ল  ...!
      সন্ধিয়াৰ চিকিমিকি পোহৰত 
বনৰীয়া দিখৌৰ বলাৎকাৰত 
আইৰ দুচকুৰ এসাগৰ 
সোণোৱালী বুটাবচা সপোন 
পলসে কবৰ দিলে !
এতিয়া, সপোন ভঙা দাপোনৰ 
ছবিবোৰ চাই চাই 
আইৰ  আঁচল তিতে  !

পাহাৰে যেতিয়া কান্দে,
ভৈয়ামত অশ্ৰু  সৰে 
 বৈ পৰা হিয়াৰ শোণিতে 
এদিন জুই হৈ দহিব সকলোকে ।