জুবিন দিৱস
১৯ ছেপ্তেম্বৰ-২০২৫ত আমি অসমবাসীয়ে হেৰুৱাইছিলো সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। সকলোৰে মনত অবুজ বেদনা লৈ আমি পাৰ কৰিলো এটা বছৰ। পুনৰ আহি পালেহি ১৯ ছেপ্তম্বৰ-২০২৬। পুনৰ ওঠলি উঠিল জুবিন প্ৰতি থকা আৱেগখিনি। স্বতফূৰ্ত ভাৱে প্ৰকাশ পালে জুবিন নামৰ সত্তাটোৰ প্ৰতি থকা অগাধ মৰম ভালপোৱা আৰু প্ৰিয় শিল্পীজনাক হেৰুৱা মনোবেদনা। সামাজিক স্তৰৰ দাবী আহিল ১৯ ছেপ্তেম্বৰ দিনটো 'জুবিন দিৱস' হিচাবে উদযাপন হওঁক। তাৰেই ফলশ্ৰুতিত বাস্তৱত প্ৰমাণিত হ'ল যে সোণাপুৰত তিনিদিনীয়াকৈ লাখ লাখ অনুৰাগীৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে জুবিন গাৰ্গ প্ৰকৃততেই জনতাৰ শিল্পী। লগতে ক'ব বিচাৰো যে- সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা মহান ব্যক্তি সকলৰ জীৱনৰ কৰ্মৰাজীক ফহিয়াই যিবোৰ বিশেষ দিশৰ প্ৰতি মনদি তেখেত সকলৰ বাবে নিৰ্দ্দিষ্ট দিৱস হিচাবে সন্মান দিছে তেনেক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদানো কোনো গুণে কম নহয়।
সেয়ে এনে পৰিপ্ৰক্ষিতত অসম চৰকাৰেও আন্তৰিকতাৰে বিবেচনা কৰি চাওঁক যাতে ১৯ ছেপ্তেম্বৰ দিনটো 'জুবিন দিৱস' হিচাবে চৰকাৰী ঘোষণা হওঁক। আমি অতি আশাৰে উক্ত দিনটো ঘোষণা হোৱালৈ আশাৰে বাট চাই ৰলো।
অৰুণ কোঁৱৰ
মুখ্য সম্পাদক
সমলয়
২৩/৯/২০২৬
