Type Here to Get Search Results !

জীৱনৰ লক্ষ্য

 

 জুবাইৰ ৰহমান আকন্দ


লক্ষ্য যদি আছে মনত
কিতাপৰ লগত কৰিবা সংগ,
পঢ়া-শুনা কৰিবা ভালদৰে
কেতিয়াও নহবা অন্য মনস্ক।

কোনেও তোমাৰ প্ৰকৃত বন্ধু নহয় 
যি সকল আছে তোমাৰ লগত
কিতাপে তোমাৰ প্ৰকৃত বন্ধু 
যিয়ে উজ্জ্বল কৰিব তোমাৰ ভৱিষ্যত।

পঢ়া-শুনা এৰি ছাত্ৰ জীৱনত 
নাযাবা বেলেগ দিশত, 
সদায় চলিবা শুদ্ধ পথত 
ভাল হব তোমাৰ ভৱিষ্যত ।

কষ্ট কৰিবা আজিৰ দিনত
পিছত কৰিবা সুখ,
আজি যদি সুখ কৰিব বিচৰা
পিছত গৈ পাবা দুখৰ উপৰি দুখ।