Type Here to Get Search Results !

কৃষ্ণচূড়া



বিষ্ণু ৰয়
 বৰঘোলা 


তুমি জানো জানা প্ৰিয়তমা?
সেই যে কৃষ্ণচূড়া জোপা?
তুমি আৰু মই যে
তাৰ কোলাত বহি কথা পাতিছিলোঁ,
তোমাৰ লিহিৰি আঙুলি কেইটা 
পিটিকি পিটিকি।
তোমাৰ গুলপীয়া শাৰীৰ 
আচলটো যে দুষ্ট বতাহজাকে 
উৰুৱাই আনি মোৰ মূখমণ্ডল ঢাকি দিছিলে 
তুমি যে মিচিকিয়াই আজুৰি লৈ গৈছিলা।
আৰু যে তোমাৰ মেঘক'লা চুলিটাৰি..
উৰি উৰি মোৰ মুখখনত
বাৰে বাৰে চুমা আঁকি দিছিলে,
মই যে তাৰ মলঙি মলঙি অহা সুগন্ধত
উদবাউল হৈ পৰিছিলোঁ।
তোমাৰ মনত আছেনে প্ৰিয়তমা?
তোমাৰ জানোঁ মনত নপৰে?
তুমি জানা?
তুমি গুচি যোৱা বহুদিনেই হ'ল,
তথাপিও সেই স্মৃতিয়ে মোক আমনি কৰে।
কালি মই আকৌ গৈছিলোঁ 
সেই কৃষ্ণচূড়া জোপাৰ স্পৰ্শত 
তোমাৰ স্মৃতি জীপাল কৰিবলৈ।
বৰ বিষন্ন মনেৰে বহি আছিল সি
মোক দেখি বৰ হেপাঁহেৰে প্ৰশ্ন কৰিছিল জানোঁ?
তোমাৰ লগৰী জনী ক'ত বুলি?
বুকুৰ কোনোবাখিনিত যেন 
বৰ যন্ত্ৰণা অনুভৱ হৈ গ'ল,
ভাষাহীন হৈ মাথোঁ 
কম্পিত দুহাতেৰে বুলাই দিছিলোঁ তাৰ শৰীৰত 
সি বুজিছিল মোৰ ভাষা,
জানা প্ৰিয়তমা?
তাৰো যেন বুকু চিৰাচিৰ হৈ গৈছিল,
যদি কেতিয়াবা সময় পোৱা,
আহিবাচোন এদিন তাৰ কাষলৈ 
তোমাক বৰকৈ মনত পেলাইছে জানা?