চিমা বৰা
মহিমাবাৰী (বৰহোলা)
আকাশলঙ্ঘী পৃথিৱীৱেও
অপেক্ষাত থাকে
প্ৰত্যাহ্বানবোৰ নেওচি
নিশাৰ জোনাক আকাশৰ ওৰণিখন খহাই
পুৱাৰ ৰঙা বেলিৰ পোহৰে মিচিকিয়াই
জিকমিকাই হাঁহি বিৰিঙাই উঠক।
নদীখনো মানৱ দৰদীত
শান্ত হৈ উঠিব!..
তাতে, বিৰিখজোপাত অজান পখীৰ
কণ্ঠৰ মধুৰতা মাত,
সজীৱ হৈ উঠিব পৃথিৱীৰ লীলাস্থলীৰ
সেউজীয়া উপত্যকাৰ
পুষ্পহীন বিৰিখৰ লগতে
কোনো কোনো ঠাইত সুগন্ধিযুক্ত
ফুলৰ মাজত মুকুতা মণি।
শান্তিৰ নিজৰা বোৱাই
চকুলো মুচি
পৃথিৱীয়ে আকৌ নতুনত্বক আদৰি
বৰ্ণাই হাঁহি
সেউজীয়া চাদৰ পিন্ধিব।