Type Here to Get Search Results !

আহিনে আমোলমোলাই


 

     সবিতা বৰুৱা ফুকন 

কুঁৱলীৰ পাতল চাদৰৰ 
আঁচলত  বহি  শেৱালীয়ে 
কোমল মিচিকি হাঁহি বিৰিঙাই......
তুমি আহিবা এই শৰততে 
হৃদয়ত গোঁজি দিবা
এপাহ  শেৱালী।

আহিনৰ নিয়ৰৰ বোলসনা
শেৱালী,
কি যে এক গোপন মাদকতা  !
য'ত মদাৰৰ দৰে নাই অৱহেলা  ,
আহিবা তুমি পুৱতি নিশা ,
নিয়ৰৰ দলিচাত শেৱালীৰ 
শুভ্ৰ প্ৰেমালাপে যেন 
জোনৰ জোনাককো 
গিলি থব  !

শেৱালীৰ অপূৰ্ব সুবাহত ঠন ধৰি উঠে মোৰ 
বেদনাৰে উৰুখা হৃদয় 
তুমি আহিবা বকুলৰ তললৈ....
বুকু উজাৰি লেখি লেখি 
গণি যাম এটি দুটি শেৱালী।