গীতামণি কলিতা
যোৰহাট
শৰৎ তোমাক স্বাগতম
তোমাৰ আগমনৰ
লগে লগেই...
আকাশে- বতাহে কেৱল
শেৱালীৰ গোন্ধ...
চাৰিওফালে...
শংখ- ঘণ্টাৰ ধ্বনি...
আনন্দ উল্লাস
দিগন্ত বিয়পোৱা
নিৰ্মল আকাশ...
মেঘৰ আলসুৱা গীত..
মেঘৰ বাগিছা..
মেঘৰ দোলনা...
শুকুলা কঁহুৱা..
নিয়ৰৰ টোপাল..
সুখৰ সুষমা বিলোৱা..
দেহ-মন উন্মান কৰা..
এক আনন্দময় পৰিবেশ
শৰৎ তোমাক স্বাগতম।
