Type Here to Get Search Results !

প্ৰতিমা বিসৰ্জন আৰু নদীৰ প্ৰদূষণ: এক পৰিৱেশগত চিন্তন

 


ডেইজী চৌধুৰী 
গুৱাহাটী 


আগষ্ট মাহটো আৰম্ভ হোৱাৰে পৰা সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন পূজা পাৰ্বনৰ আৰম্ভণি
হয়। গনেশ পূজা, জন্মাষ্টমী, বিশ্বকৰ্মা পূজা, দূৰ্গাপূজা, লক্ষ্মীপূজা, কালীপূজা ইত্যাদি। এই উৎসৱৰ দিনকেইটাত আটায়ে মন প্ৰাণ ঢালি ভক্তি ৰসত বিলীন হৈ পৰে আৰু পূজাৰ আনন্দৰ অন্ত পৰাৰ লগে লগে আহে দেৱ-দেৱীৰ প্ৰতিমা বিসৰ্জনৰ পৰ্ব। ইয়াৰে বিশ্বকৰ্মা পূজা, দূৰ্গাপূজা, লক্ষ্মীপূজা আৰু গনেশ পূজাৰ প্ৰতিমা ভক্তপ্ৰাণ ৰাইজে ভক্তিভাৱেৰে নদীত বিসৰ্জন দিয়ে। বিসৰ্জনৰ ক্ষণটো যথেষ্ট আৱেগিক, তাৰ সমান্তৰালকৈ আমাৰ পৰিবেশ আৰু প্ৰাকৃতিক জল উৎসসমূহৰ সুৰক্ষাৰ কথা চিন্তা কৰাৰ সময় এয়া। 
    বৰ্তমান সময়ত প্ৰতিমা বিসৰ্জনৰ ফলত আমাৰ নদীসমূহলৈ নামি অহা বিপদ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহ গভীৰভাৱে অনুধাৱন কৰা অত্যন্ত প্ৰয়োজন হৈ পৰিছে।
​পৰম্পৰাগতভাৱে মাটি, খেৰ আৰু বাঁহেৰে প্ৰতিমা তৈয়াৰ কৰা হৈছিল যদিও কালৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ ৰূপ সলনি হ’ল। বৰ্তমান প্ৰতিমা নিৰ্মাণ আৰু সজ্জাত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহে নদীৰ পানীৰ গুণাগুণ গুৰুতৰভাৱে নষ্ট কৰে। প্ৰতিমাত ব্যৱহাৰ হোৱা
​ৰাসায়নিক ৰং আৰু গ্লিটাৰবোৰত সীহ, পাৰা আৰু আৰ্ছেনিকৰ দৰে বিষাক্ত ধাতু থাকে। এইবোৰ পানীত দ্ৰৱীভূত হৈ জলজ প্ৰাণী আৰু মানুহৰ স্বাস্থ্যৰ বাবে প্ৰাণঘাতী হৈ পৰে। মণ্ডপৰ সজ্জা তথা প্ৰতিমাৰ আভূষণ হিচাপে ব্যৱহাৰ হোৱা প্লাষ্টিক আৰু থাৰ্মোকল সমূহ পানীত দ্ৰৱীভূত নহয়। ই নদীৰ স্বাভাৱিক সোঁতত বাধা জন্মায় আৰু জলচৰ প্ৰাণীৰ মৃত্যু ঘটায়।
​তদুপৰি পূজাৰ অন্যান্য সামগ্ৰী যেনে ফুল, মালা, প্লাষ্টিকৰ বেগ, দেৱ-দেৱীৰ আভূষণ আদি পোনপটীয়াকৈ নদীত পেলাই দিয়াৰ ফলতো পানী দূষিত হয় আৰু জলপ্ৰবাহত ব্যাঘাত জন্মায়। ই নদীৰ মাছ তথা অন্যান্য জলজ প্ৰাণীৰ প্ৰজনন আৰু জীৱন ধাৰণ প্ৰক্ৰিয়াত অশুভ প্ৰভাৱ পেলায়। যি আমাৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ বাবে এক বৃহৎ ভাবুকি। ​এই সমস্যা সমাধানৰ বাবে কেৱল চৰকাৰী আইনী ব্যৱস্থাই যথেষ্ট নহয়, প্ৰয়োজন আছে সজাগতা আৰু জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহযোগিতাৰ। মূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত কেৱল কেঁচা মাটি আৰু প্ৰাকৃতিক বা জৈৱিক ৰং (যেনে ফুল বা উদ্ভিদৰ পৰা তৈয়াৰী ৰং) ব্যৱহাৰ কৰিব লাগে। পৰাপক্ষত থাৰ্মোকল আৰু প্লাষ্টিকৰ সলনি কাপোৰ বা কাগজেৰে তৈয়াৰী সজ্জা সামগ্ৰী ব্যৱহাৰ কৰা উচিত।
​নদীৰ মূল সোঁত প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবে প্ৰশাসনৰ সহযোগত ঘাটৰ কাষতে কৃত্রিম জলাশয় বা কুঁৱা সদৃশ ব্যৱস্থা কৰি তাত বিসৰ্জনৰ নিয়ম কৰিব পাৰি! প্ৰতিমা বিসৰ্জন দিয়াৰ পূৰ্বে প্ৰতিমাত থকা প্লাষ্টিকৰ মালা, কাপোৰ, কাগজ আৰু অন্যান্য অপৰিহাৰ্য সামগ্ৰীসমূহ সাৱধানে আঁতৰাই পেলোৱাৰ ব্যৱস্থা কৰা উচিত।
    ​পূজা কমিটিসমূহৰ লগতে যুৱ প্ৰজন্মই আগবাঢ়ি আহি "Eco-friendly" পূজাৰ বাবে প্ৰচাৰ চলাব লাগে। ইতিহাস সাক্ষী হৈ ৰৈছে যে আজিৰ যুৱ প্ৰজন্মই কৰিব নোৱাৰা কাম একোৱেই নাই। মধ্য প্ৰদেশৰ সুৰেন্দ্ৰ সিং চৌধুৰী ওৰফে বিট্টু তবাহি ইয়াৰ এক জলন্ত উদাহৰণ। আমাৰ দেশৰ চুকে কোণে এনে হাজাৰজন বিট্টু আছে। পৰিৱেশতন্ত্ৰৰ এনে ভাবুকিৰ সময়ত এইসকল বিট্টু ওলাই অহাটো অনেক প্ৰয়োজনীয়। 

     ​ধর্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰা আমাৰ পৰিচয়, কিন্তু প্ৰকৃতি অবিহনে আমাৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি। গতিকে প্ৰকৃতি ধ্বংস কৰি ধৰ্মীয় আচাৰ পালন কৰাটো কেতিয়াও যুক্তিসংগত হ’ব নোৱাৰে। আহক, এইবাৰৰ পূজাৰ বিসৰ্জনৰ সময়ত আমি সকলোৱে প্ৰতিশ্ৰুতি লওঁ— আনন্দৰ মাজেৰেও আমাৰ প্ৰাণৰ নদীখনক সজীৱ আৰু প্ৰদূষণ মুক্ত কৰি ৰাখিম।