Type Here to Get Search Results !

বিত্তীয় সাক্ষৰতা কিয় লাগে




সম্পাদকীয়

আজি কিছু বিত্তীয় কথা আলোচনা কৰিবলৈ আগবাঢ়িছো। সাধাৰণতে দেখা যায় আমাৰ বিত্তীয় দিশটোৱে আমাৰ সকলোৱে জীৱনত প্ৰভাৱ পেলায়। আজিৰ সময়ত হাতত যদি কিছু অৰ্থ নাথাকে আমি এখোজো আগবাঢ়িব নোৱাৰো। সাধাৰণ উদাহৰণ হিচাবে যদি চাও কিছু দূৰ যাবলৈকে আমাক সন্মূখত বেটাৰী ৰিক্সাখন হলেও প্ৰয়োজন হয়। বাস্তৱত আৰ্থিক দিশটো আওকান কৰি অলপো আগবাঢ়িব নোৱাৰো। সেয়ে আজি কিছু আৰ্থিক দিশক লৈ কিছু কথা পাতিম।

 ১) সময়ৰ পৰিবৰ্তনৰ লগে লগে আমাৰ বস্তুৰো চ'ৰাদাম হৈছে। যিটো বস্তু আজি আমি যি দামত কিনিছো সেই বস্তটো কম দিনৰ ভিতৰতে দাম বাঢ়ি হয়তু দুগুণ হৈছে। কিন্ত আমাৰ উপাৰ্জন সেই অনুপাতে বঢ়া নাই। বিশেষকৈ আমি যি ঠাইত আমাৰ কৰ্ষ্টোপাৰ্জিত অৰ্থ জমা ৰাখিছো বস্তুৰ দাম বঢ়া দৰে সুত পোৱা নাই। এনে সময়ত অতিকৈ প্ৰয়োজনীয় কথাটো হৈছে 'বিতীয় সাক্ষৰতা'। আমাৰ বদ্ধিত দামৰ লগত ফেৰমাৰিব পৰাকৈ ক'ত টকা জমা থম এই কথাবোৰ জানিবলৈও আমাক বিত্তীয় সাক্ষৰতাই বিশেষ সহায় কৰিব।

২) আমাৰ গাড়ীখন আমি বীমা কৰো কিন্ত জীৱনৰ অতি গুৰুত্বপূৰ্ণ শৰীৰটো তথা জীৱনটোৰ বীমা কিমানে কৰো ?  এনে নকৰা ফলত আমাৰ জীৱনৰ অতি লাগতীয়াল সঞ্চিত অৰ্থ ওলাই যায় কেতিয়াবা নিজৰ মাটি-বাৰীও স্বাস্থ্যৰ বাবে বন্ধকত দিব লগা পৰিস্থিতি হয়। সেয়ে Health Insurance লগতে Term Insurance যে কিমান প্ৰয়োজন প্ৰতি পৰিয়ালত এই কথাবোৰ জানিবলৈ অতি দৰকাৰী বিত্তীয় সাক্ষৰতা।

৩) কম উপাৰ্জন কৰিও এজনে পৰিয়ালটো বা নিজৰ সকলোখিনি আৰ্থিক অভাৱ পূৰণ কৰিব পাৰিছে কিন্ত আনজনে অথিক উপাৰ্জন কৰিব জোৰা মাৰিব নোৱাৰি বাৰে বাৰে ঋণ ল'ব লগা হৈছে। 
উক্ত সকলো দিশৰ একমাত্ৰ সমাধান হ'ল আমাৰ বিত্তীয় সাক্ষৰতা।

যিবোৰ কথা বন্ধু মহলত, পৰিয়ালত, সামাজিক ক্ষেত্ৰত , সমাজৰ সকলো স্তৰত  আৰু সকলো স্থানত মুকলিকৈ  আলোচনা কৰা প্ৰয়োজনীয়তা আহি পৰিছে। সেয়ে আমি সকলোৱে এই বিত্তীয় সাক্ষৰতা প্ৰতি সজাগ হও আনকো সজাগ কৰো আহক।

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১৭/১০/২০২৬