ৰশ্মি ৰেখা শইকীয়া ভূঞা
জামুগুৰি
এতিয়াই তুমি তোমাৰ প্ৰেমিকৰ ওচৰলৈ গুচি যাব পাৰা। ল'ৰা-ছোৱালীৰ দায়িত্ব মই ল'ম। কথাষাৰ কওঁতে মোৰ কণ্ঠত কোনো কঁপনি অনুভৱ কৰা নাছিলোঁ। খংও নাছিল। আছিল মাথোঁ শূন্যতা। বহু দিন বুকুৰ মাজত সজাই ৰখা বিশ্বাস হঠাতে টুকুৰা-টুকুৰ হৈ পৰাৰ শূণ্যতা,,,,,।
: তাইক নিজৰ কৰি লোৱাৰ দিনটোৰ পৰা মই স্বামীৰ দায়িত্বক কেৱল সামাজিক পৰিচয় বুলি ভবা নাছিলোঁ। দায়িত্বক মই জীৱনৰ নৈতিক ঋণ বুলি ভাবিছিলোঁ। মই এজন শিক্ষক। সেয়ে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক নৈতিকতা, সততা আৰু আদৰ্শৰ পাঠ পঢ়াই নিজে যদি তাৰ বিপৰীত মূখী হওঁ তেন্তে মোৰ শিক্ষা কেৱল খেলা হৈ পৰিব। এই কথাটো সদায় মনত ৰাখিছিলোঁ।নিজৰ চৰিত্ৰক আঙুলি উঠাব নোৱাৰাকৈ পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। পত্নীক মৰম দিছিলোঁ, সন্মান দিছিলোঁ, সামাজিক মৰ্যাদা দিছিলোঁ। সন্তান দুটাক লৈ সৰু এখন সংসাৰ গঢ়িছিলোঁ। ধন-সম্পত্তি আমাৰ অজস্ৰ নাছিল। কিন্ত আমাৰ সৰু পৰিয়ালটো থাকিব পৰা এটা সুন্দৰ পকী ঘৰ আছিল, এখন বাৰী আছিল, এখন সৰু গাড়ী আছিল। মাহৰ উপাৰ্জনেৰে প্ৰয়োজনীয় অভাববোৰ পূৰাব পাৰিছিলোঁ। ঋণৰ বোজাত জীয়াই থাকিবলগীয়া হোৱা নাছিল। বিদ্যালয়ৰ পৰা ঘৰলৈ আহি পৰিয়ালৰ লগত সময় পাৰ কৰি সন্ধিয়া হৈ অহাৰ লগে লগে সন্তান দুটাক পঢ়োৱাইছিলো। কেতিয়াবা ঘৰুৱা কামতো সহায় কৰিছিলোঁ। তাইক কামৰ পৰা অলপ জিৰণি দিবলৈ চেষ্টা কৰিছিলোঁ। সময় পালে দুয়ো একেলগে সন্তানৰ সৈতে ফুৰিবলৈ গৈছিলোঁ। ল'ৰা-ছোৱালী দুটাক লৈ আমাৰ এটি সূখী পৰিয়াল । মই ভাবিছিলোঁ এইয়াইতো সংসাৰ। সুখ মানে ডাঙৰ ঘৰ নহয়, বিলাসী জীৱন নহয়। সুখ মানে এজন মানুহে আন এজনে খবৰ সুধিলে কাষত ঠিয় দি ভালে আছোঁ বুলি ক'ব পৰা। মই সেই আছোঁটো তাইক দিছিলোঁ। কিন্তু মানুহৰ মনটোত কেতিয়াবা অদ্ভুত চিন্তাই বাহঁ সাজে । অভাৱতকৈ অধিক ভয়ংকৰ হ'ল মন। তাইৰ হাতৰ মোবাইলটোৱেই লাহে লাহে আমাৰ সংসাৰৰ মাজত খেলি-মেলিৰ ঘটনা হৈ থিয় দিলে।ফেচবুকত কোনোবা এজনৰ সৈতে চিনাকি হৈছিল তাই। প্ৰথমে বন্ধুত্ব। তাৰ পিছত কথোপকথন। সেই কথোপকথনে প্ৰেমৰ নাম ল'লে । মই গমেই নাপালোঁ। যিহেতু মই শুদ্ধ পথে সংসাৰখনত চলো তাইও সেই পথতেই খোজ পেলাই যাব বুলি মোৰ বিশ্বাস আছিল। সেইটো আছিল মোৰ ধাৰণা। তাই মোৰ দৰে খোজ দিব বুলি ভবাটো ভূল আছিল। মোৰ দিনবোৰ ব্যস্ততাৰ মাজতেই পাৰ হৈছিল । পুৱা আঠ বজাৰ পৰা বিয়লি তিনি বজালৈ বিদ্যালয়ৰ দায়িত্ব। তাৰ পিছত ঘৰ। সন্তান দুটাৰ পঢ়া-শুনা, হোমৱৰ্ক, ঘৰুৱা কাম-কাজত ব্যস্ত আদি। জীৱনটো যেন দায়িত্বৰ টুকুৰাৰে গাঁথি থোৱা এডাল মালাহে। মই ঘৰত থকা সময়ত তাই ফোনত বৰকৈ কথা পতা মোৰ চকুত পৰা নাছিল । সেয়ে সন্দেহ কৰাৰ কোনো কাৰণো নাছিল।
: দিনতো আছিল সোমবাৰ হঠাতে মীনা নামৰ এগৰাকী মহিলাৰ ফোন আহিল। ফোনটোত নামটো মীনা বৰুৱা বুলি অহাত অচিনাকি যেন লাগিলেও কাণৰ ওচৰলৈ ল'লো। তাই ক'লে, তোমাৰ পত্নীৰ আন এজন মানুহৰ সৈতে সম্পৰ্ক আছে। মই কথাটো শুনি কিছু সময় নিৰৱ হৈ থাকিলোঁ। বিশ্বাস কৰা নাছিলোঁ।মই প্ৰমাণ নোপোৱাকৈ মানুহৰ ওপৰত অভিযোগ জাপি দিব নোৱাৰো। কথাটো মনতে থৈ দিলোঁ। ভাৱিলোঁ সঁচা যদি হয় প্ৰমাণে এদিন নিজেই ক'ব।মনটো খেলি-মেলি হৈ থকাৰ বাবে এটা সিদ্ধান্ত ল'লো । এদিন মোৰ ফোনটো বেয়া হোৱা বুলি কৈ তাইৰ ফোনটো বিচাৰিলোঁ। তাইৰ মনত বিষয়টোলৈ সন্দেহৰ ভাব নাহিল। তাই সহজভাৱে কোনো আপত্তি নকৰাকৈ ফোনটো দিলে। মই বহু সময় ফোনটো চালোঁ। একো নাপালোঁ। মোৰ মনটোৱে যেন নিজকে সান্ত্বনা দিলে। মই অনুভৱ কৰিলোঁ সন্দেহ কৰাটো ভুল । কিন্তু কেতিয়াবা সত্যই নিজকে লুকুৱাই ৰাখে যে মিছাকেই সত্য যেন লাগে ভাবটোৱে মগজুত হেঁচা প্ৰদান কৰিলে।। মই তাইক লক্ষ্য কৰিবলৈ ধৰিলোঁ।কিন্তু তাইৰ আচৰণত বিশেষ কোনো পৰিৱৰ্তন দেখা নাপালোঁ। দিনবোৰ পাৰ হৈ গৈ থাকিল।
: এদিন স্কুলৰ পৰা আনদিনাতকৈ সোনকালে ঘৰলৈ উভতিলোঁ। ঘৰত সোমাই পোনে পোনে শোৱনি কোঠালৈ গ'লোঁ।বিছনাৰ ওপৰত পৰি আছিল তাইৰ ফোনটো হঠাতে বাজি উঠিল। অচিনাকি ফোন।মই একো নক'লোঁ। ফোনটো লৈ বাহিৰলৈ ওলাই আহিলোঁ। তাই তেতিয়া বাথৰুমত আছিল। ফোনটোৰ শব্দ তাইৰ কাণত পৰা নাছিল। মইও বিদ্যালয়ৰপৰা সোনকালে ঘৰলৈ অহাটো তাই জনা নাছিল। সময়খিনি যেন মোৰ সাখী হ'বলৈ সাজু হৈছে।ফোনটোত কোনো পাছৱৰ্ড নাছিল। মই ফোনটো খুলিলোঁ। সেই মুহূৰ্ততে মোৰ বহুদিনৰ সন্দেহে যেন মোৰ সন্মুখত নিজেই সাখী দিলে।এটা এটাকৈ মেছেজ পঢ়ি গ'লোঁ। মই অতীতৰ দিনলৈ ঘূৰি গ'লো । কথাবোৰ মিছা নাছিল। মোৰ ভাব হ'ল মীনাই মিছা কোৱা নাছিল। মোৰ বিশ্বাসেই মানুহৰ ওপৰত ভূল আছিল। কিন্তু আটাইতকৈ ডাঙৰ আঘাতটো তেতিয়াও বাকী আছিল। প্ৰায় দুমাহ পিছত সোণৰ অলঙ্কাৰৰ লগতে ঘৰ চলাবলৈ মোৰ চাকৰিৰ দৰমহা হাতত দিয়াৰ পাছতেই তাই ‘মোহন' নামৰ যুৱকজনৰ সৈতে পলাই যোৱাৰ পৰিকল্পনা কৰিছিল। মই ফোনটো হাতত লৈ বাৰান্দালৈ বুলি আহি কাষত থকা চকি খনত বহিব ধৰোতেই ঢলি পৰিলোঁ।। মোৰ চকুৰ সন্মুখত যেন ঘৰখনেই আন্ধাৰে ভৰি পৰিল। যিখন সংসাৰক মই ইমান দিনে সূখৰ সংসাৰ বুলি ভাবিছিলোঁ, সেই সংসাৰখনক কোনোবাই গোপনে ধ্বংসৰ বাট আঁকিছিল। কিন্তু মই তেতিয়াও তাইৰ সন্মুখীন নহ'লোঁ। মই সেই যুৱকজনৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰিলোঁ।মেছেজবোৰে এটা এটাকৈ বহু কথা প্ৰমাণ কৰিলে।অৱশেষত সকলো প্ৰমাণ আৰক্ষীৰ হাতত দিলোঁ।অনুসন্ধানত ওলাই আহিল। আগতেও একে ধৰণৰ অভিযোগত মানৱৰ বিৰুদ্ধে গোচৰ আছিল। প্ৰেমৰ প্ৰলোভন দেখুৱাই মহিলাৰ পৰা ধন লোৱাৰ অভিযোগো আছিল।আৰক্ষীয়ে তেওঁক আটক কৰিলে।তাই আৰক্ষীৰ গোচৰত মানৱ আবদ্ধ হোৱা বিষয়টো জনা নাছিল। তাই মানৱকলৈ ব্যস্ত ।মানৱৰ ফোন নাহিবলৈ ধৰিলে। তাই অস্থিৰ হৈ পৰিল।অপেক্ষা কৰিলে। তাইৰ চকুত যি উৎকণ্ঠা দেখিছিলোঁ সেই উৎকণ্ঠাত মোৰ বাবে কোনো স্থান নাছিল।মই নিৰৱে চাই থাকিলোঁ। এদিন ক'লোঁ, ল'ৰা-ছোৱালী দুটা মই চাম। তুমি যাৰ বাবে ইমান ধৰফৰাই আছা তেওঁৰ ওচৰলৈ যাব পাৰা। তাই মোৰ ফালে অবাক হৈ চালে। তাই যেন শিল হৈ গ'ল। তাইৰ মুখৰ ৰং সলনি হৈ গ'ল। যি কথাক তাই প্ৰেম বুলি ভাবিছিল সেয়া আচলতে আছিল লোভ। তাই নিজৰ জীৱনৰ আটাইতকৈ মূল্যৱান বিশ্বাসটো এৰি এজন স্বাৰ্থপৰ মানুহৰ হাতত নিজকে সঁপি দিবলৈ ওলাইছিল। তাইক বহু কথাই কৈ গ'ল সময়ে। মোৰ ভৰিত পৰি কান্দিলে। ক্ষমা বিচাৰিলে।কিন্তু সেইদিনা মোৰ হৃদয় নগলিল। তাই নীৰৱ।মই সুধিলোঁ, কিহৰ অভাৱ আছিল তোমাৰ?মই তোমাক কি দিব পৰা নাছিলোঁ?কোনটো দুখে তোমাক মোৰ পৰা আঁতৰাই নিলে?কি বিচাৰি তুমি এই সংসাৰখন এৰি এজন অচিনাকি মানুহৰ সৈতে মোৰ কষ্টৰ ধন লৈ পলাই যাব বিচাৰিলা? তাইৰ পৰা কোনো উত্তৰ নাছিল। মই বুজিলোঁ, কেতিয়াবা মানুহৰ পতনৰ কাৰণ অভাৱ নহয় সিদ্ধান্ত।ভুল মানুহক ভালপোৱা পাপ নহ'বও পাৰে কিন্তু ভুলক সত্য বুলি আঁকোৱালি ধৰি নিজৰ দায়িত্ব পাহৰি যোৱাটো মানুহৰ নিজস্ব অপৰাধ।হয় তাই ক্ষমা বিচাৰিছিল।মই তাইক ঘৃণা কৰা নাছিলোঁ। কিন্তু আগৰ দৰে বিশ্বাস কৰিবও পৰা নাছিলোঁ। কাৰণ ভঙা কাঁচ জোৰা লগাব পাৰি কিন্তু আগৰ দৰে হাতত ধৰি ৰাখিব নোৱাৰি। মই দুৱাৰখন খুলি দিলোঁ। যাব বিচাৰিলে যাব পাৰা।তাই মোৰ ফালে চালে।মই ক'লোঁ, কিন্তু সন্তান দুটাক আমাৰ দাম্পত্যৰ ভুলৰ শাস্তি নিদিওঁ। সিহঁতৰ শৈশৱক আমাৰ বিবাদৰ দোষী হ'বলৈ নিদিওঁ। সেইদিনা আমাৰ মাজত কোনো মিলন নহ'ল।কোনো প্ৰতিশ্ৰুতিৰ ধ্বনি নাহিল। কেৱল নীৰৱতা।সেই নীৰৱতাত হয়তো এটা সম্পৰ্কৰ মৃত্যু হৈছিল। এটা নতুন সম্পৰ্কৰ জন্মৰ আগৰ অন্ধকাৰ আছিল সেয়াত। মই সন্তান দুটাক বুকুৰ মাজলৈ টানি ল'লোঁ। সিহঁতে একো নাজানে। সিহঁতৰ বাবে মা এতিয়াও মা।দেউতা এতিয়াও দেউতা। সিহঁতে নাজানে। এখন সংসাৰ ভাঙি যাবলৈ কেতিয়াবা এটা ভুল সিদ্ধান্তেই যথেষ্ট। মই মাথোঁ মনে মনে এটা সংকল্প কৰিলোঁ। মই তোমাক হেৰুৱাৰ দুখত সন্তান দুটাক হেৰুৱাব নোৱাৰোঁ। কাৰণ মানুহে সংসাৰ ভাঙিলে দুজন মানুহ পৃথক হয়।কিন্তু বিশ্বাস ভাঙিলে তাৰ শব্দৰ লোপ নাপায়।সেইদিনা মই বুজিলোঁ প্ৰেমে মানুহক সংসাৰলৈ আনে। বিশ্বাসে সংসাৰ ধৰি ৰাখে। কিন্তু দায়িত্বইহে সন্তানৰ পৃথিৱীখন বচাই ৰাখে। দুৱাৰখন সঁচাকৈয়ে খোলা আছিল তাইৰ বাবে। কিন্তু মোৰ সন্তান দুটাৰ বাবে মোৰ বুকুখনৰ দুৱাৰ কোনো দিনেই বন্ধ নহ'ব।
