Type Here to Get Search Results !

কোন কাৰ সহোদৰ




সুৰভি বৰ পাত্ৰ গোহাঁই 
 শিৱসাগৰ                                       

সেইজাক  বলীয়া বতাহ 
ঘোপমৰা আন্ধাৰত বলে  
বেলিপকা  দুপৰীয়াৰ বেসুৰা গান, 
আত্মীক বান্ধোন উটি  যায়  বা লাগি 
তেজৰ বলীয়া বানত 
ঢৌৱে ঢৌৱে লুপ্তপ্ৰায় হৃদয়ৰ তান  । 

দুচকুত  ভাঁহি উঠে 
এসাগৰ  নীলা  মদিৰা 
বাসনাৰ  হেঁদালিত  ওলমি ৰয় 
ঔফুলীয়া সপোন এটা । 

হাতৰ মুঠিত চালিত সময় 
কামৰ কান্ধত টিলিঙা লগাই 
বিজয়ৰ চিলা উৰুৱাই, 
ঘৰচিৰিকাৰ  খোজত  উদ্দাম  সংগীতৰ  লহৰ  ।

এইয়া পৃথিৱী সংকুচিত কৰা  নে 
জীৱনৰ  বাট দীঘল নে চুটি কৰাৰ আখৰা 
এতিয়া আৰু কোনে কাক সোধে 
কোন কাৰ সহোদৰ  ?