ধীৰেন শইকীয়া
শৰত অনন্য ৷ শৰত বিনন্দীয়া ৷ শৰত মনোমোহা ৷ সেয়েহে কালিদাস, ৰবীন্দ্ৰ নাথ ঠাকুৰ,জীৱনানন্দ দাস আদিয়েও অনন্য বুলিছে শৰতক ৷ এই শৰতকে তাহানিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও ঋতুসমুহৰ মাজত শ্ৰেষ্ঠ বুলিছিল৷সনাতন ধৰ্মৰ লোক সকলৰ বাবে শৰত উচাহৰ দিন৷ দু্ৰ্গা পূজা, কালী পূজা, লক্ষ্মী পূজা পাতি সমাজত সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰি আহিছে এই শৰতে ৷ এই শৰত কালৰে
শ্ৰীকৃষ্ণৰ ৰাসলীলাও অতি তাত্ত্বিক এটি লোকাচাৰ ৷ পিছে,আগৰ দুৰ্গা পূজা, কালি পূজা আদিত থকা আধ্যাত্মিকতা এই উৎসৱবোৰত আজি দেখা নাযায়৷ এতিয়া এইবোৰ ব্যৱসায়িক দিশলৈ ৰূপান্তৰিত হৈছে,পূৰ্বতকৈ বাহ্যিকতা বাঢ়িছে৷ আগৰ কলপাতৰ ৰভা গুচি আজি দামী পেণ্ডেল হৈছে, আগৰ শাৰদীয় নিশাৰ মহিষাসুৰ বধৰ ভাওনা গুচি ৰঙা নীলা লাইটৰ তলত উদ্দাম আধুনিক নৃত্য গীতৰ অনুষ্ঠান আহিছে, বুট ভজাৰ দোকান গুচি চাও চাওঁ, মোমো, ধোচা আদি ফাষ্ট ফুড হ'ল ৷ ইফালে নানা ৰং বিৰঙৰ কোম্পানীৰ বিজ্ঞাপনেও আমাক আকৰ্ষন কৰে পূজাৰ আগৰে পৰা৷ আমাৰ থলুৱা সামগ্ৰীৰ বিক্ৰী বন্ধ কৰি চীনত নিৰ্মিত ৰিমোট কন্ট্ৰলৰ পুতলা পিষ্টলবোৰ অবাধ হাৰত বিক্ৰী হৈ থকা হল৷ এতিয়া পূজাৰ বাজেট বহু বেছি হোৱা বাবে অঞ্চলটোৰ থলুৱা দোকান বজাৰ কেইখনত দাবি ধমকি দি চান্দা তোলা সংস্কৃতি এটায়ো গঢ় লোৱা দেখা যায় সকলোতে। চান্দা সংস্কৃতি এটাৰ বাবেই কাষৰ দোকানবোৰৰ কাৰণে আজিৰ এই পূজাবোৰ হৈ পৰিল অৰ্থনৈতিক সন্ত্ৰাসৰ কাৰণ। বলি বিধানৰ কথা নকলোৱেই যেনিবা।
এই শৰত কালৰ ৰাতিপুৱা গোটেই ধৰাতল নিঁয়ৰে এখনি শুভ্ৰ বগা চাদৰেৰে মেৰিয়াই ধৰিছিল এসময়ত৷ ওৰে নিশা দুৱৰিক বুকুত সাৱটি লৈ থকা নিয়ৰে ৰাতিপুৱাৰ কোমল ৰদৰ স্পৰ্শত পাখি মেলি আকাশলৈ যেন উৰি গুচি যায় এসময়ত ৷ তাকে দেখি আঘোণমহীয়া পথাৰৰ সোণগুটিবোৰে হালিজালি নাচে ৷ ঋতুৰাণী শৰতে প্ৰকৃতিক জীপাল কৰি ৰখাৰ লগতে মানুহৰ মনবোৰো আনন্দমুখৰ কৰি তোলে ৷ শৰত কালত যেনেকৈ গোটেই ফুলবোৰেই ফুলে ঠিক তেনেকৈ মানুহৰ মনবোৰো পৰিষ্কাৰ হৈ থাকে ৷-- এইবোৰ আছিল তাহানিৰ শৰতৰ দৃশ্ব্য ৷ পিছে জলবায়ু পৰিবৰ্তন
আৰু গোলকীয় উষ্ণতয়ো শৰতক প্ৰভাৱিত কৰিছে, এতিয়া ঠাণ্ডাদিন বছৰত কেবল এমাহমানহে যেন লাগে, বাৰ মাহে ফেন নহলে নহয়েই ৰুমৰ ভিতৰত ৷ আগতে পূজাৰ পাৰ হলেই লাহে লাহে ঠাণ্ডা নামছিল পৰিৱেশলৈ ৷
আজিকালিৰ প্ৰতিযোগিতাৰ যুগত মানুহ একো একোটা যন্ত্ৰলৈ পৰিবৰ্তন হৈছে ৷ জীৱন সাগৰত সাতুৰি নাদুৰি সকলো যেন ক্লান্ত হৈ গৈছে ৷ কিবা অহেতুকী প্ৰভাৱে মানুহক আজি যেন উতলা নকৰে, আগতে পূজাত গাঁৱে গাঁৱে নাটক মঞ্চস্থ হৈছিল ৷ গাঁৱৰ ৰাইজে তাত মনোৰঞ্জন
বিচাৰি পাইছিল ৷ আজিকালি পূজাৰ বতৰত বাঢ়ে পথ দুৰ্ঘটনা৷ প্ৰতিবাৰেই যেন বহুতৰ প্ৰান লবলৈ আহে পূজা ইয়াৰে কিছুমান হয় মদৰ গোলাপী নিচাত, কিছুমান অত্যধিক আনন্দত ৷
মানুহ ইমানেই বস্তুবাদী হৈছে যে আগৰ দৰে শাৰদীয় নিশা ৰাৱন বধৰ ভাওনা, নাটক, কবিতা আদি গোৱাৰ সময় এতিয়া কাৰো নাই ৷ তাহানি অন্তৰৰ পৰা এক তাড়নাৰ জন্ম হৈছিল,পিছে আজি সময়হীনতাত উটি গৈছে সকলো, গাঁৱৰ ডেকা গাভৰু চহৰমুখী হৈছে,উপাৰ্জনৰ যেন প্ৰতিযোগিতা বাঢ়িছে চৌদিশে৷ মুঠতে, কেৱল চাবি দিয়া পুতলাৰ দৰে নিদিষ্ট কেইটামান কামতে সীমাবদ্ধ থাকিবলগীয়া হৈছে সকলো৷
এই শৰত কালত পূজাৰ দিনকেইটা গোটেই নিশা তাহানি, ভাওনা তথা নাগাৰা নামেৰে পাৰ কৰিছিলো আমি ৷ এতিয়া সেই নাম,ভাওনা বিলুপ্তিৰ পথত, চহৰমুখী হ'ল ভাউৰীয়াৰ ভাও লোৱা সকলো ৷নাগাৰা নামৰ পাঠক, পালিসকলেও তীব্ৰ অৰ্থনৈতিক সংকটৰ জুৰুলাত এৰিব লগা হ'ল গাওঁখনি৷ আখৰাৰ সময়েই বা ক'ত এইসকলৰ! চাই থাকোতে টিভিৰ অনুষ্ঠানৰ উচাহো তল পৰিল, হাতৰ টিপতে লৈ ফুৰাব পৰা এনৰয়ড মোবাইলৰ ছছিয়েল মেডিয়াই মানুহক উজলাই আছে বৰ্তমান৷ পিছলৈ যে কি নোলাব! আজিও ওজাপালি অমিয়া সুৰ বা নাগাৰা নামৰ নাম গুন শৰতৰ দিনকেইটা ওৰে নিশা পাৰ কৰা মানুহ আজিৰ দিনত কেইজন আছে! কেৱল মদ, ভাং আদি ৰাগিয়াল সামগ্ৰী খাই উৎসৱ উদযাপন কৰাটোৱে বৰ্তমান সময়ত আদৰ্শ হৈ পৰিছে ৷ মুঠতে বাঢ়িছে চৌদিশে ধনাৰ্ঢ্য পৰিৱেশ এটা ৷
প্ৰতি বছৰে শৰতে ধৰালৈ সৌন্দৰ্যৰ ৰহঘৰা কঢ়িয়াই আনে ৷ প্ৰকৃতিৰ বিনন্দীয়া ৰূপে শৰতক জাকতজিলিকা কৰি তোলে ৷ নৈ কাষৰ ইকৰা খাগৰি কহুৱা বোৰে শৰত আহিলে আনন্দত হালিজালি নাচে ৷ আকাশ নিৰ্মল হয় ৷ শাৰদীয় বতৰত বজাৰত বিধে বিধে মিঠাইৰ দোকান বাঢ়ে, বহুতে কয় শৰত মানে মিঠাইৰ বতৰ,পিছে আজি বহুতেই মধুমেহৰ ভয়ত শত যোজন দূৰত মিঠাইৰ৷ এচামৰ বাবে শৰত যেন উপাৰ্জনৰো বতৰ ৷
শৰত গুছি যোৱাৰ পিছৰছোৱা নিৰানন্দময়৷ শৰতৰ শাৰদীয় দুৰ্গোৎসৱৰ অন্তত পেলনীয়া পলিথিন জাৱৰ আদিয়ে পেণ্ডলৰ তলছোৱা গোটেই পৰিৱেশই বিনষ্ট কৰে ৷ কমবয়সীয়া কিছুমান লৰা ছোৱালীয়ে গুটখা , পান-তামোল খাই যতে ততে পিক পেলাই এটি সুন্দৰ পৰিবেশত কালিমা সানে ৷ আনহাতে,অত বছৰে শৰতৰ এই সুন্দৰ সময়ছোৱাতে বিভিন্ন দৌল দেৱালয়ৰ পূজাত দূৰ্গা,কালী আদি দেৱীলৈ বিভিন্ন জীৱ বলি দিয়া প্ৰথাটোৱেও মানুহৰ ক্ৰুৰতাকে প্ৰতিফলিত কৰি আহিছে ৷ এয়া বন্ধ হ`ব লাগে, কিয়নো জীৱজন্তু সকলো ঈশ্বৰৰ সন্তান, দেৱী হ`ল জীৱজন্তুৰ মাকৰ দৰে,মাকে বাৰু সন্তানৰ মৰাদেহ বিছাৰেনে?এয়া প্ৰাচীন অন্ধবিশ্বাসহে৷
আজিকালি শাৰদীয় পূজাৰ নামত ব্যয়বহুল পেণ্ডেল, দৃশ্যসজ্জা,লাইটিঙৰ এই সকলোবোৰ কৌশল কিছুমান থলুৱা আৰু কিছুমান কলিকতা বা শিলিগুৰিৰ পৰা পুজাৰ বাবে বিশেষভাবে আমদানি কৰা হয়।নগৰ মহানগৰৰ পুজা মণ্ডপবোৰ বিশেষ ধৰনৰ এটা বিষয়বস্তুক কেন্দ্ৰ কৰি কৰা হয় প্ৰতিবছৰেই।এয়া আহিছে কলিকতীয়া সংস্কৃতিৰ আমদানিকৃত ৰূপ।কোনোবাখনক যদি সাগৰ তলিৰ মাজৰ এটা মন্দিৰ,কোনোবাখনক গুহাৰ ভিতৰৰ এটা দেৱী মন্দিৰ হিছাপে দেখুৱা হয়, য'ত দেৱীক অঞ্চলটোৰ ভক্তসকলে পূজা কৰে সেইকেইদিনত। শিল্পীয়ে কল্পনা শক্তিৰে সাজি উলিওৱা এইবোৰ কাৰুকাৰ্যত যথেষ্ট আড়ম্বৰতা প্ৰকাশ পায়।গুৱাহাটীৰ কিছুমান পূজাস্থলীত প্ৰকৃতি সংৰক্ষন, প্ৰদূষন নিয়ন্ত্ৰন,ভোগবাদী সমাজ, ৰাগিয়াল দ্ৰব্য সেৱনৰ ভয়াবহতা, মাজুলীৰ গৰাখহনীয়া আৰু সত্ৰ-সংস্কৃতি তথা সীমান্তত বৰফৰ মাজত সৈনিকৰ পহৰাৰত অৱস্থা আদিও শিল্পীয়ে কল্পনা শক্তিৰে সাজি উলিয়াই দৰ্শকৰ বাবে মুকলি কৰে ।
দূৰ্গাপূজাৰ মূল বিষয়বস্তু আগতে আছিল আধ্যাত্মিকতাৰ উত্তৰণ তথা মানুহৰ মাজত একতা, সমতা আদিৰ স্থাপন কৰা বা এই জগতখনৰ কেন্দ্ৰবিন্দু কোন তাক বুজাই দিয়া।পিছে,দূৰ্গাপূজাত আজিকালি আধ্যাত্মিকতাৰ পৰিৱৰ্তে মেলামুখী পৰিৱেশ এটাহে দেখি আহিছো।এয়া কেনে আধ্যাত্মিকতা? বহুতেই দেৱীৰ আগত ছেলফি উঠাৰ প্ৰৱনতাও আমি নেদেখা নহয়, সেয়েহে ইয়াক বহুতে ইয়াক ফ'ৰজি সংস্কৃতিহে বুলিছে।
দূৰ্গাপূজাত মানুহৰ মন আধ্যাত্মিকতাতকৈ আজিকালি ৰঙীন কাপোৰ কানি বা অন্যান্য ঘৰুৱা দৰকাৰী সামগ্ৰী কিনাতহে মন প্ৰান ঢালি দিয়ে চহৰীয়া ধনী এচামে। তেওঁলোকৰ বাবে একতাৱদ্ধ পৰিৱেশ এটাৰ সৃষ্টি নহয় মুঠেও।যি ঠাইত পূজা অনুষ্ঠিত হয় সেই ঠাইৰ আশে পাশে পূজাৰ কেইদিন কেইবাটাও অঞ্চলৰ মানুহ একেলগ হয়,উদুলি মুদুলি হৈ থাকে ঠাইখন। বহুঠাইত আজিকালি নিশালৈ সাংস্কৃতিক অনুষ্ঠান হয়, ৰাতিপুৱাৰে পৰা ভক্ত সকলে একেলগে শাৰী পাতি শৰাই আগবঢ়ায় দেৱীক উদ্দেশ্যি।বিভিন্ন সাংস্কৃতিকপ্ৰতিযোগিতাবোৰেৰে মন আকৰ্ষনৰ চেষ্টা চলে ঠাইবোৰত।অৱশ্যে, এইবোৰৰ পৰাও আমি অৱসৰ বিনোদন পাও।
আগতে শৰতত সাহিত্য চৰ্চাৰো পৰিৱেশ হৈছিলৈ,দূৰ্গা পূজাত কাকত আলোচনী আদিৰ বিশেষ শাৰদীয় সংখ্যাই বিশেষ স্থান লাভ কৰিছিল। পূজাৰ সময়ত বহুতো লেখক লেখিকাই বিশেষ শাৰদীয় সংখ্যাত লিখিবলৈ উৎসাহেৰে আগৰে পৰা সাহিত্যৰাজি লিখিবলৈ সমল গোটাই আগবাঢ়ে। পিছে আজিকালি পঢ়োতা নাই, মোবাইল সৰ্বস্ব জীৱন সকলোৰে, দোভাগ নিশালৈ হোৱাটচএপ, ফেছবুকতে কটাব সেইকেইদিন বহুতে।ঘৰত পাঁচজন মানুহ থাকিলেও আটায়ে কথাপতাতকৈ মোবাইলতহে মন সকলোৰে ।এই অভ্যসে আমাক কোন পথে নিছে ভাবিবৰ হ`ল। শৰত কালতে মহাপুৰুষ শ্ৰীমন্ত শঙ্ককৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথিও পালিত হয়, নামঘৰে কীৰ্তনঘৰে নামকীৰ্তন, ভাওনাও হয়, তাতো বৈষ্ণৱ ধৰ্মৰ লোকসকলে উলহমালহেৰে আনন্দত আত্মহাৰা হয়।এয়াও শৰতৰে অৱদান।
আনহাতে চাকৰিয়াল বা অন্যান্য মানুহখিনিয়ে অন্য সময়খিনিত নিজৰ কাম কাজত যথেষ্ট ব্যস্ত থাকিব লগা হয় বাবে দূৰ্গাপূজাৰ দীঘলীয়া বন্ধত বিভিন্ন ঠাইলৈ পূজাৰ ভ্ৰমণ বুলি যাবলৈও সুযোগ পাই। ফলত পৰ্যটন সংঘটিত হোৱাৰ সুযোগ পায়। পৰ্যটকে সেই ঠাইবোৰলৈ গৈ সেই ঠাইৰ সংস্কৃতি বা অন্যান্য বিষয়ে জানিব পাৰে পূজাৰ বন্ধতে। পিছে তাহানিৰ দৰে শাৰদীয় বতৰত শুনা নাযায় গীতিকাৰৰ নতুন গান, ভ্ৰাম্যমানতো নেদেখো নতুন কলাত্মক নাটক, কিবা যেন চাৰ্কাচ চাব যোৱাৰ লেখিয়াহে হ`ল এতিয়া একালৰ সেউজবুলীয়া ভ্ৰাম্যমান। সেয়েহে কৈছো সাহিত্য গীত নাটকত পূৰ্বৰ দৰে শৰতে কঢ়িয়াই নানে নতুন সজীৱতা, এতিয়া বস্তুবাদ আড়ষ্ট শৰত যেন বহুত বেলেগ।এতিয়া ন চিন্তাৰ পোখা নেমেলে শৰতে,এতিয়াৰ শৰত যেন প্ৰানহীন নিৰ্জীৱ শৰত।
(-লেখক জনপ্ৰিয় নিবন্ধকাৰ তথা পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, phone 9101911294)
