প্ৰাৰ্থনা দত্ত
বিহপুৰীয়া, লখিমপুৰ।
ঋতুৰাজ বসন্ত ৰ বিদায়ৰ ক্ষণত
সুবিশাল নীলা আকাশত এজাক বেঙুনীয়া পখিলা।
বিশেষ ক্ষণটোক যেন উপচাইছে এক এৰিব নোখোজা মাদকতাৰে।
এজাৰ!! বসন্তৰ বিদায়ত তুমি আঁকি দিলা এক অজান পথত
এবুকু বেঙুনীয়া আবিৰৰ পৰশ।
নালাগে থাকিব তোমাৰ সুবাসৰ গৰ্ব, নালাগে তোমাৰ সুঘ্ৰান;
ৰূপ লাৱণ্যৰেই তুমি অপৰূপা।
প্ৰতিটো পাহিতেই তোমাৰ দিপ্তমান এটি স্তব্ধ শ্লোক,
যেন নীৰৱ সাধকৰ নিভৃত তপস্যা।
জানিছিলো, এই ক্ষণবোৰ খন্তেকীয়া,
বৰ্ষাৰ পৰসেৰে সৰি পৰা পাহিবোৰে এতিয়া
লিখি যায় স্মৃতিৰ কবিতা --
'ক্ষন্তেকীয়া ৰূপেও কাঢ়ে হৃদয়ৰ পৰিভাষা '।
বিদায়, এতিয়া সময়!!!
গ্ৰীষ্মৰ বুকুত তুমি জ্বলোৱা এগছি বেঙুনীয়া চাকি
জ্বলি উঠা তুমি গ্ৰীষ্মৰ হৃদয়ৰ শলিতাৰ ৰঙেৰে, নতুন দীপ্তিৰ অপেক্ষাৰে।।