নাৱাব নাৰ্জী ইছলাম, নাজিৰা
অ চকুৰা কাই
সঁচাই তুমি এজন কৃষক
দেখাত লাগে তুমি নোহোৱা পৈনত কৃষক
জীয়াই থকাৰ আছে তোমাৰ একান্ত ইচ্ছা।
ৰুগ্ন দেহা, ভগ্ন হৃদয়
অথচ ...
আকাশ যেতিয়া ৰজস্বলা হয়
কাম ভাৱ তেতিয়া তোমাৰ বেচিকে জাগে
সেয়ে দেখো পুৱতি পুৱাতে
ধৰিত্ৰীৰ সতে তুমি কৰা কেলি
সৃষ্টিৰ বীজ দিয়া সিঁচি
সঁচাই তুমি এজন কৃষক।
দিছা বাণী কাষৰ যুৱ কৃষকক ---
নলবা ৰণশিঙা বীজৰ থলিত
নাঙলৰ সলনি নলবা তৰোৱাল,
মানৱ বধৰ নকৰিবা আখৰা
নিজৰ অস্ত্ৰৰে নহবা বৈৰী
সুন্দৰ দেহাবয়ক লোৱা সুন্দৰৰে আকোৱালি
নোৱাৰা কৰিব দুষ্টক নিঃশেষ
পাৰা যদি আনা শেতা পৰা শস্যলৈ
সূৰ্য্যৰ সেউজী ৰং
অকাল পক্ক ৰঙা ৰং নিদিবা পৰিব
তোমাৰ শস্যৰ পথাৰত।
পগলা বানক নোৱাৰা ৰুধিব
বৃথা চেষ্টাই কৰিব দেহাক নষ্ট
উন্নত মানৰ ফচলৰ বাবে
অনুপযোগী শষ্যৰ তলিক, কৰা উপযোগী।