গীতামণি কলিতা
যোৰহাট, ভাতেমৰা পথ ।
হেৰা, " আজি বাৰীৰ ৰঙালাওটোকে কাটা অ বৰকৈ খাবলৈ মন গৈছে ।"
" ৰ'বছোন দুদিনমান , নাতিটোৰ পৰীক্ষা শেষ হ'লেই মাজনী ঘৰলৈ আহিম বুলি কৈছে , তেতিয়া খাব ।"
কেইদিনমানৰ পাছত, " মা তোমাৰ গহনাবোৰ কি কৰিলা ?
মোকে দি দিবা, তোমালোক এতিয়া বুঢ়া হৈ আহিছা, সেইবোৰ থৈনো কি কৰিবা ?"
" হেৰা, তোমাৰ জীয়েৰাই তোমাৰ - মোৰ খবৰ ল'বলৈ অহা নাই, আমাৰ সম্পত্তিহে নিবলৈ আহিছে।"