Type Here to Get Search Results !

সিদ্ধান্ত (গল্প)


ৰশ্মি ৰেখা শইকীয়া ভূঞা 
জামুগুৰি (কুসুমতলা)


কোৰ্টত শেষ চহীটো লোৱাৰ লগে লগে উকীলজনে মিচিকীয়া হাঁহি মাৰি ক'লে, ৰাখি তোমাৰ ডিভোৰ্চ অৰ্ডাৰ ওলাই গ'ল । এতিয়াৰ পৰা তুমি প্ৰতি মাহে বাৰ হাজাৰকৈ পাবা ।
 : ৰাখিয়ে মিচিকিয়াই ক'লে, মই এতিয়া সুখী । মোক আৰু একো নালাগে । ইয়াকে কৈ ৰাখি মাক-দেউতাকৰ লগত বাহিৰলৈ ওলাই আহি সিহঁতৰ গাড়ীখনৰ ওচৰলৈ আহিল ।
 : একোণত থিয় হৈ নৱই নিৰৱে ৰাখিলৈ চাই আছিল । ৰাখিয়ে নৱৰ ফালে এবাৰলৈও নাচালে । 
 : প্ৰথম মাহত, ঘৰখনৰ সকলোৱে ৰাখিক মৰমেৰে আৱৰি ৰাখিলে । তাইক কোনো ক্ষেত্ৰতে অভাৱ অনুভৱ কৰিবলৈ নিদিলে । দ্বিতীয় মাহত ঘৰখনৰ পৰিৱেশ অলপ সলনি হ'ল । কেতিয়াবা ভাইয়েকে খং কৰা হ'ল ।
বৌয়েকজনীয়ে কোৱা হ'ল, কিমাননো শুই-বহি থাকা ? ভতিজীয়ে কয়, পেহী তুমি কেতিয়া নিজৰ ঘৰলৈ যাবা ? চতুৰ্থ মাহত ঘৰৰ পৰিৱেশ আগতকৈও বেছি সলনি হৈ গ'ল । আগতে ৰাখিৰ কাৰণে কেৱল মৰম আছিল, এতিয়া তাত বোজা হ'বলৈ ধৰিলে । ৰাখি মনে মনে থাকিল যদিও তাই ভিতৰি ভিতৰি ভাঙি পৰিল পঞ্চম মাহত যেতিয়াই তাই বাহিৰলৈ ওলাই যায় ওচৰ-চুবুৰীয়াই ফুচফুচাই কথা পাতে, ৰাখি ইমান মাহ ঘৰত আছে যে ; আন এজনীয়ে কয়, তাইৰ ডিৰ্ভোচ হ'ল নহয় ! ৰাখিয়ে এইবোৰ নুশুনাৰ ভাও ধৰে । ঘৰত বৌৱেকে কয়, বাৰ হাজাৰ টকাৰে মাহটো নচলে। ৰাখিৰ বুকুত কথাবোৰে শেলে বিন্ধা দি বিন্ধে। 
 : প্ৰথমবাৰৰ বাবে ৰাখিয়ে অনুভৱ কৰে। স্বামীৰ ঘৰক আপোন কৰাটো কঠিন কিন্তু সেইখনহে নিজৰ ঘৰ । বিয়াৰ পাছত মাকৰ ঘৰৰ তেওঁ আলহীও নহয়, ঘৰখনৰ সদস্যও নহয় , মাথোঁ বোজা হয় । এদিনাখন ৰাখিৰ ভাৱ হ'ল তাই পইচা পালে, স্বাধীনতা পালে ; কিন্তু সন্মান,সঁচা মৰম আৰু ঘৰ এখন হেৰুৱাই পেলালে । ৰাখিয়ে ভাবিলে, তাই সিন্ধান্ত লোৱাৰ সময়ত কেৱল দুখ-কষ্টখিনি দেখিলে, সিন্ধান্তৰ পৰিণাম নেদেখিলে । ৰাখিয়ে অনুভৱ কৰিলে, এজনী ছোৱালীৰ বৈবাহিক সম্পৰ্ক এটা ভাঙি যোৱাৰ পিছত তাইক লাগে সমাজ এখনৰ সমৰ্থন । পিছে সমাজখনে অন্য দৃষ্টিৰেহে চায় । ৰাখিৰ নৱলৈ মনত পৰিল । দুয়োৰে মাজত হোৱা কাজিয়াবোৰ,নৱৰ অভ্যাসবোৰ আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সকলো সময়তে নৱই তাইক সমৰ্থন কৰা।
 : এদিন ৰাতি টোপনি নহাত ৰাখি সম্পূৰ্ণৰূপে ভাঙি পৰিল । তাই হাতত ফোনটো ল'লে আৰু এটা নম্বৰ ডায়েল কৰিলে। হেল্ল বুলি কাণত বাজি উঠাৰ পাছত ৰাখিয়ে কঁপি কঁপি ক'লে নৱ আমাৰ সম্পৰ্কটো আকৌ এবাৰ আমি নতুনকৈ গঢ়িব নোৱাৰোনে ? মই তোমাক বহুত মিছ কৰিছো ।মই তোমাৰ লগত থাকিব বিচাৰো ।
 : কিছু সময় মৌনতাৰ অন্তত নৱই কৈ উঠিল ময়ো তোমাৰ অৱিহনে আধৰুৱা।আমাৰ দুয়োটাৰে ভুলৰ বাবেই আমি দুয়োটাই বেলেগে থাকিব লগা হ'ল । এতিয়া আমি দুয়োটাই ইয়াক শুধৰাব লাগিব ।তুমি যদি অনুমতি দিয়া মই এতিয়াই তোমাক আনিবলৈ যাম।
 : চকুপানী মচি ৰাখিয়ে ক'লে, আহা । ৰাখিৰ সেই এটা শব্দতে নৱই ৰাতি বাৰ বজাত গাড়ী লৈ ওলাই আহিল । সাত ঘণ্টা একেৰাহে গাড়ী চলাই থাকিল ।
 : ৰাতিপুৱা পাঁচ বজাত ৰাখিৰ মাকৰ ঘৰৰ কলিং বেল বাজিল । ৰাখিৰ মাক-দেউতাক আচৰিত হ'ল, ইমান পুঁৱাই কোন আহি ওলালহি ? নৱই মাক-দেউতাকক সেৱা জনালে ।ৰাখিয়ে কোনো তৰ্ক নকৰাকৈ নৱৰ লগত যাবলৈ ওলাল । মুখত এক শান্তিৰ চাপ । নৱ আৰু ৰাখি দুয়োটাই জানিছিল, এই সিন্ধান্ত অন্তৰৰ নহয়। সম্পৰ্ক কেতিয়াও ভাঙি নাযায় , মাথোঁ ভুল বুজাবুজিবোৰ আতৰাব লাগে । সঠিক সময়ত লোৱা এটি সৰু সিদ্ধান্তই গোটেই জীৱন সুখ-আনন্দ দিব পাৰে।