ডেইজী চৌধুৰী
গুৱাহাটী
প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে বিশ্বজুৰি বিশ্ব চাইকেল দিৱস উদযাপন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘই এই দিনটোক বিশ্ব চাইকেল দিৱসৰূপে ঘোষণা কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে চাইকেলৰ ব্যৱহাৰ বৃদ্ধি, সুস্বাস্থ্য ৰক্ষা আৰু পৰিৱেশ অনুকূল যাতায়ত ব্যৱস্থাৰ প্ৰতি সজাগতা সৃষ্টি কৰা।
একসময়ত অসমত চাইকেলক "লোহাৰ ঘোঁৰা" বুলি কোৱা হৈছিল। দেশভক্ত তৰুণৰাম ফুকনে অসমৰ সমাজ জীৱনলৈ প্ৰথমবাৰৰ বাবে চাইকেল আনিছিল।
এই যান্ত্ৰিক যুগৰ ভিৰৰ মাজত চাইকেল হৈছে এক নিৰ্ভৰযোগ্য, সস্তা আৰু সুস্বাস্থ্যৰ বাবে এক উত্তম বাহন। স্বাস্থ্য,পৰিৱেশ আৰু অৰ্থনীতিৰ বাবে চাইকেলৰ যথেষ্ট উপকাৰিতা আছে। আজিকালি মানুহে শ্ৰম কৰা বাদ দিয়া দেখা গৈছে। বাট বুলি যাব পৰা ঠাই টুকুৰাও গাড়ী লৈহে যায় যাৰ বাবে প্ৰতিদিনে বাঢ়ি আহিছে মেদবহুলতা, মধুমেহ, উচ্চ ৰক্তচাপৰ দৰে ৰোগসমূহ। চাইকেল চলালে এটা ধুনীয়া ব্যায়াম হোৱাৰ লগতে দিনটোলৈ শৰীৰটো ভাল লাগি থাকে। দৈনিক আধা ঘণ্টা চাইকেল চলাই হৃদৰোগ, মধুমেহ, আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। চাইকেল চলালে মানসিক চাপ, উদ্বেগ আৰু হতাশা হ্ৰাস কৰি মন প্ৰফুল্লিত হয়। ই ভৰিৰ মাংসপেশী মজবুত কৰে আৰু গাঁঠিৰ বিষ কমাত সহায় কৰে। তদুপৰি গাড়ীৰ তেলৰ খৰচো যথেষ্ট পৰিমাণে ৰাহি হয়। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমৰো বহুকেইখন জিলাত চাইক্লিং এচোছিয়েশ্যন আছে যিয়ে সময়ে সময়ে চাইক্লিঙৰ সজাগতাৰ বাবে চাইক্লিং প্ৰতিযোগিতাৰ আয়োজন কৰি ৰাইজক এইটো বিষয়ত সজাগ কৰা দেখা যায়।
এই দিৱসটো কেৱল চাইকেল চলোৱাৰ বাবে নহয়, বৰঞ্চ ইয়াৰ দীৰ্ঘ জীৱনকাল, বহুমুখী ব্যৱহাৰ আৰু দুই শতিকাতকৈ অধিক কাল ধৰি মানৱ সমাজলৈ আগবঢ়োৱা সেৱাক স্বীকৃতি দিয়াৰ বাবে পালন কৰা হয়। চাইকেলে পৰিৱেশ প্ৰদূষণ ৰোধত সহায় কৰে আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত অৰিহণা যোগায়। চাইকেলৰ পৰা কোনো ধৰণৰ ধোঁৱা বা ক্ষতিকাৰক গেছ নিৰ্গত নহয়, যাৰ ফলত পৰিৱেশ নিকা হৈ থাকে। সৰু বাহন হোৱাৰ বাবে ই নগৰীয়া যান-জঁট কমোৱাত সহায় কৰে। ইন্ধনৰ প্ৰয়োজন নথকাৰ বাবে ই অত্যন্ত মিতব্যয়ী যাতায়তৰ মাধ্যম। অসমৰ গাঁৱলীয়া অঞ্চলৰ পৰা চহৰাঞ্চললৈকে আজিও চাইকেলৰ জনপ্ৰিয়তা অপৰিসীম। এক কথাত চাইকেল এখন কম খৰচী, নিকা আৰু দীৰ্ঘস্থায়ী যাতায়তৰ মাধ্যম। এই বৰ্ষৰ বিশ্ব চাইকেল দিৱসৰ মূলমন্ত্ৰ হৈছে -"সেউজ ভৱিষ্যতৰ বাবে চাইক্লিং"।