গীতিকা নাথ
গভৰা,দৰং
কবি আৰু কাগজৰ মাজৰ সম্পৰ্ক
কোনোবাই জানো বুজিব পাৰে ?
কেতিয়াওঁ নোৱাৰে।
এই সম্পৰ্ক বুজিব পাৰে মাথো,
সেইজনে যিয়ে নিজৰ সমগ্র
আৱেগ অনুভূতি সাপো দিঠক,
প্ৰকাশ কৰে কাগজে কলমে।
এই সম্পর্ক গঢ় লয়
ভালপোৱা নামৰ এক নীৰৱ প্রতিশ্রুতিৰে,
ই গঢ় নুঠে কেতিয়াও ইচ্ছানুযায়ী।
কিন্তু এই ভালপোৱা খাপ খাব নোৱাৰে,
কেতিয়াও আন সম্পৰ্কৰ সৈতে
ইয়াত নাথাকে প্রতাৰণ, প্রৱঞ্চনা
থাকে মাথো বিশ্বাস আৰু মৌনতা।