খগেন বৰা
(১)
নকুলে যদিও গল্প কবিতা লিখা নাই
হস্ত চালনাৰে সাহিত্যৰ মঞ্চ কঁপাই
কবিতা পাঠত টোপনি
সাৰ পালে হাতচাপৰি
নিতৌ ৰাতি তেওঁ বাঘৰ গাখীৰ খায় ৷৷
(২)
“সাহিত্যিকে বুজে সাহিত্যিকৰ মুল’’
এই ধাৰণাটো আছিল মস্ত ভুল ৷
সতীৰ্থৰ হ’লে যশস্যা
টোপনিৰ হয় সমস্যা
কলিজাৰ ভিতৰত অঘৈয়া হূল ৷৷